Show/Hide Keyboard Layout

কি নাম দি মাতিম

- দিপেন বৰুৱা

স্ত্ৰীঃ

কি নাম দি মাতিম

মাতিম তোমাক ?

নিবিড় গোপন কিযে মায়া !

কি নামৰে সোণ পৰশত

স্বৰ্ণালীহৈ হিয়া ।

 

পুঃ

যি নাম দি মাতা

সেয়ে মিঠা

জীৱন মৰুৰ তুমি ছাঁয়া !

চম্পা বনৰ

সুবাস লাগি

উন্মনা মন হিয়া ।

 

স্ত্ৰীঃ

কি নাম দি মাতিম, মাতিম তোমাক ...

 

স্ত্ৰীঃ

মন আজি মোৰ যায় হ’বলৈ

পলাশৰ এটি ফুল

বনতে সৌ !

 

পুঃ

মন আজি মোৰ যায় হ’বলৈ

পলাতক এটি ভুল

বিচাৰি মৌ !

 

স্ত্ৰীঃ

প্ৰজাপতি মন

হয় উন্মন

ফুলে ফুৰে উৰণীয়া !

 

পুঃ

চম্পা বনৰ

সুবাস লাগি

উন্মনা মন হিয়া !

 

স্ত্ৰীঃ

কি নাম দি মাতিম, মাতিম তোমাক ...

 

স্ত্ৰীঃ

স্বপ্ন দিলা দুই নয়নত

ছন্দ যি মনত গোপনে মোৰ ।

 

পুঃ

তুমি দিলা মোক শিহৰণ

ৰিক্ত হৃদয়ত

সিঁচিলা ফুল !

 

স্ত্ৰীঃ

মনৰে ময়ূৰ

স্বপ্ন বিভোৰ

ৰঙে ৰঙে মোহনীয়া !

 

পুঃ

চম্পা বনৰ

সুবাস লাগি

উন্মনা মন হিয়া !

 

স্ত্ৰীঃ

কি নাম দি মাতিম

মাতিম তোমাক ?

নিবিড় গোপন কিযে মায়া !

কি নামৰে সোণ পৰশত

স্বৰ্ণালী হয় হিয়া ।

 

পুঃ

যি নাম দি মাতা

সেয়ে মিঠা

জীৱন মৰুৰ তুমি ছাঁয়া !

চম্পা বনৰ

সুবাস লাগি

উন্মনা মন হিয়া ।।

Hits: 3117